বিদায়ী ২০১১ চনৰ প্ৰাকমুহূৰ্তত ঘটি যোৱা কেইটিমান ঘটনাই আমাক লগতে সমগ্ৰ পৃথিৱীবাসীকে জোকাৰি গ’ল ৷ চাবলৈ গ’লে ঘটি যোৱা ঘটনাবোৰ মাথোঁ সময়ৰ ওখ-চাপৰ কেইটামান ঢৌহে ৷ কিন্তু সাগৰৰ ঢৌ যিদৰে মাত্ৰ দূৰৈৰ পৰা দেখিবলৈ হে ধুনীয়া কিন্তু বাস্তৱত যে সেয়া জটিল জীৱনৰ প্ৰতিচ্ছবিহে ৷ ঠিক তেনেকৈ বিদায়ী ২০১১ চনটোত ঘটি যোৱা ঘটনাবোৰে হালোৱা, মজদুৰৰ পৰা আৰম্ভ কৰি ধনীক, পুঁজিপতি সকলো শ্ৰেণীকে চুই গ’ল ৷ দেখুৱাই থৈ গ’ল কিদৰে সময়ৰ কঠিন হাতোৰাৰ তলত ধনী, দুখীয়া সকলো একাকাৰ, সকলো অসহায় ৷
ৰাতিপুৱাৰ চেঁচা কোমল ৰ’দজাক ওলোৱাৰ লগে লগেই আমাৰ কৃষক বন্ধুসকলৰ মনত নতুন আশাই জীপাল দি উঠে ৷ তাতে এইবাৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি ধানৰ বীজ বিতৰণ কাৰ্যসূচীৰ অন্তৰ্গত নতুন বীজবোৰ হাতে হাতে পোৱাৰ পিছত তেওঁলোকৰ সেউজীয়া সপোনবোৰে সাৰ পাই উঠিছে ৷ নতুন উদ্যমেৰে সকলোৱে পথাৰত সেই বীজবোৰ ৰোপণ কৰিলে ৷ কিন্তু মাহচেৰেক যোৱাৰ পিছত ধানৰ ঠোকবোৰ হালধীয়া পৰি আহিবলৈ ধৰিলে ৷ ঠোকবোৰত সুৱগা চাউলৰ সলনি আছিল খালী চোকোৰাহে ৷ মূৰে-কপালে হাত দিলে আমাৰ কৃষক বন্ধুসকলে ৷ আৰম্ভ হ’ল এক বিদ্ৰোহৰ ৷ সেই বিদ্ৰোহ আছিল চৰকাৰ তথা পুঁজিপতিসকলৰ বিৰুদ্ধে ৷ বিদ্ৰোহত কঁপি উঠিল পুঁজিপতিসকল আৰু সেই বিদ্ৰোহ দমন কৰিবলৈ উঠি-পৰি লাগিল ৷ সংঘাতৰ শেষ পৰ্যায়ত কৃষক বন্ধুসকলে বাছি ল’ব লগীয়া হ’ল আত্মহননৰ পথ ৷ এয়াই আমাৰ দশা, এয়াই আমাৰ ভাগ্য ৷ ২০১১ বৰ্ষৰ প্ৰথমাৰ্ধত এনে ধৰণৰ কৃষক আন্দোলনে ভালকৈয়ে শাসকবৰ্গক জোলোকা-জোলোকে পানী খুৱালে ৷ কিন্তু ক’ৰবাত যেন লক্ষ্যভ্ৰষ্ট হ’ল সেই আন্দোলনৰ উদ্দেশ্য ৷ ভমককৈ জ্বলি উঠা জুইকুৰা যেন হঠাতে নিৰ্বাপিত হ’ল ৷ নিজম পৰিল সেই শিখা ৷
ঠিক সেইদৰে বৃহৎ নদী বান্ধ সম্পৰ্কীয় আন্দোলনতো যথেষ্ট হৈ-হাল্লা হ’ল, কিন্তু মূৰকত সেয়াও ফুটুকাৰ ফেনযেন হে হ’ল ৷ কিয়নো চাওঁতে চাওঁতে টাৰবাইন পৰিবাহী জাহাজবোৰ আহি অসম সোমালেই ৷ সমগ্ৰ অসমৰ ভৱিষ্যত পুনৰবাৰৰ বাবে বিপদাপন্ন হ’ল ৷
আগতেই উল্লেখ কৰিছো যে, এই বৰ্ষটো পুঁজিপতিসকলৰ বাবেও সুপ্ৰসন্ন নাছিল ৷ ৱিকিলিকছ নামৰ ৱেৱছাইটোত ফাদিল হোৱা বিস্ফোৰক তথ্যই আমেৰিকান পুঁজিপতিসকলৰ ভেঁটি কঁপাই তুলিছিল ৷ দুৰ্নীতিত নিমজ্জিত লোকসকলৰ মাজত লৰা-ঢপৰা লাগিছিল ৱিকিলিকছৰ মুখ বন্ধ কৰিবলৈ ৷ সেই পৰিণতিতেই বন্ধ হৈছিল সেই ৱেবছাইটটো ৷ কিন্তু উমি উমি জ্বলা জুইকুৰাই ক্ৰমান্বয়ে বনজুইৰ ৰূপ লৈছিল ৷ সেই জুই অকল আমেৰিকাতেই সীমাৱদ্ধ হৈ নাথাকিল ৷ ভাৰততো আহি সেই জুইৰ লেলিহান শিখাই পুঁজিপতিসকলক দহন কৰিলেহি ৷ আন্না হাজাৰেৰে নেতৃত্বত ভাৰততো সেই জুই প্ৰবল হৈ উঠিল ৷ দুৰ্নীতিত নিমজ্জিত লোকসকলৰ বাবে বিভীষিকা স্বৰূপ হৈ উঠিল আন্না হাজাৰে ৷ প্ৰবল জনমত আৰু আন্না হাজাৰেৰ দুৰ্বাৰ অনশনৰ সন্মুখত চৰকাৰ সেও মানিবলৈ বাধ্য হ’ল ৷ জনলোকপাল আইন গৃহীত হ’ল ৷ কিন্তু সেয়াও যেন সৰু ল’ৰা-ছোৱালীক ভুৰুকোৱা আহিলাহে হ’ল ৷ কাৰণ চৰকাৰৰ ফালৰ পৰাও আন এক জনলোকপাল আইনৰ খচৰা প্ৰস্তুত কৰা হ’ল যিখনৰ নীতিবোৰ জনগণৰ নীতিৰ পৰিপন্থী ৷ তাৰ ফলশ্ৰুতিত সেই আইনখনো এক নুবুজা সাঁথৰৰ দৰে হৈ থাকিল ৷ মনকৰিবলগীয়া কথা এয়ে আছিল যে, আন্না হাজাৰেৰে নেতৃত্বত হোৱা এই আন্দোলনখনে দেশৰ প্ৰত্যেকটো প্ৰান্তৰে জনগণক একত্ৰিত কৰিবলৈ সক্ষম হৈছিল ৷ নিৰ্ভীক হৈ উঠিছিল দেশৰ জনতা ৷ কিন্তু পিছত তেওঁলোকৰ নিজৰ দলৰ মাজতে হোৱা অৰিয়াঅৰিয়ে বাতৰিৰ শীৰ্ষস্থান দখল কৰিলে ৷ জনতাৰ আশাত পুনৰ চেঁচাপানী পৰিল ৷ উল্লেখ্য যে, আন্না হাজাৰেৰ এই আন্দোলনত যোগ দিছিল কিৰন সিং বেদী, ৰামদেৱ, স্বামী অগ্নিৱেশ আদি প্ৰসিদ্ধ লোকসকলৰ পৰা আৰম্ভ কৰি আমাৰ অসমৰ কৃষক নেতা অখিল গগৈও ৷
দেশত চলি থকা এই অস্থিৰাৱস্থাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি আহিল মূল্যবৃদ্ধিৰ প্ৰসংগই ৷ বয়-বস্তুৰ উচ্চ দামে দেশবাসীক জুৰুলা কৰিলে ৷ জনতাই ইয়াৰ প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিল ৷ মূল্যবৃদ্ধিয়ে অকল দেশৰ দৰিদ্ৰ জনতাৰ ওপৰতে নহয় পুঁজিপতিসকলৰ ওপৰতো প্ৰভাৱ পেলালে ৷ বিজয় মালিয়াৰ নিচিনা ধনকুবেৰেও শেষত ঋণত পোত যাবলগীয়া অৱস্থা হ’ল ৷ মানুহৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম আকাশলংঘী হ’ল ৷ দেশৰ জনতাই ত্ৰাহি মধুসূদন সোঁৱৰিলে ৷
এই বছৰৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ আছিল গাড্ডাফি আৰু লাডেনৰ নিধন ৷ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত দেখুওৱা উদাসীনতা তথা স্বেচ্ছাচাৰিতাই কাল হৈছিল গাড্ডাফিৰ বাবে ৷ দেশৰ জনসাধাৰণ হৈ উঠিছিল বিদ্ৰোহী আৰু সেই বিদ্ৰোহৰ পৰিণতিতেই অতি শোকাৱহ বাবে মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল এসময়ৰ প্ৰবল প্ৰতাপী গাড্ডাফি ৷ আনহাতে পশ্চিমীয়া দেশৰ বাবে বিভীষিকা স্বৰূপ লাডেনৰ মৃত্যুৰ বাতৰিও আছিল এক উল্লেখযোগ্য খবৰ ৷ আমেৰিকাৰ ট্ৰেড চেণ্টাৰ ধ্বংসৰ পিছত লাডেন হৈ পৰিছিল দেশখনৰ বাবে মূৰৰ কামোৰণি স্বৰূপ ৷ ধৰ্মীয় গোড়ামি তথা সন্ত্ৰাস সৃষ্টিৰ উদ্দেশ্যৰেই লাডেনে চলাইছিল পৃথিৱীত ধ্বংসলীলা ৷ কিন্তু সেই লাডেনৰ সেই পৰাক্ৰমেও নিয়তিৰ ওচৰত হাৰ মানিলে ৷ জন্তুৰ দৰে নিৰাপত্তা সৈন্যই নিধন কৰিলে সেই দুৰ্জয়ক ৷
কোনো এক অজানা মোহে তথা মাতৃভূমিৰ প্ৰেমে হাতবাউলি দি মাতিছিল সেই ডেকা ল’ৰাকেইজনক ৷ সময়ৰ সেই আহ্বান উপেক্ষা কৰিব পৰা নাছিল যুৱ দলটোৱে ৷ তাৰ পৰিণতিত জন্ম হৈছিল আলফা নামৰ সংগঠনটোৰ ৷ উদিত সূৰ্যৰ দৰেই তেওঁলোক জিলিকি উঠিছিল ৷ আস্থাভাজন হৈ পৰিছিল অসমৰ জনতাৰ ৷ কিন্তু ক’ৰবাত যেন ভুল এটা হ’ল ৷ বিচ্যুতি ঘটিল কক্ষপথৰ পৰা ৷ ক্ৰমে জনতাৰ মাজৰ পৰা আঁতৰি গ’ল তেওঁলোক আৰু তাৰ পৰিণতিত অসমত আৰম্ভ হ’ল অবাধ হত্যাযজ্ঞ, লুণ্ঠন, অপহৰণবোৰ ৷ অশান্ত হৈ পৰিল সোণৰ অসমখন ৷ বিদেশীৰ প্ৰব্ৰজনে ৰাজ্যখনক আৰ্থিকভাৱে দুৰ্বল কৰি পেলালে ৷ খোদ নিজ গৃহৰাজ্যতেই কৰ্মহীন হৈ পৰিল অসমীয়া যুৱক-যুৱতীসকল ৷ তাৰে পৰিণতি সেই বিখ্যাত অসম আন্দোলন ৷ সেই আন্দোলনে কোঙা কৰিলে অসমৰ ৰাজহাঁড় ৷ এতিয়া শেহতীয়াকৈ তেওঁলোক ঘূৰি আহিছে ৰাইজৰ মাজলৈ ৷ চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে পূৰ্ণ স্বায়ত্ত শাসনৰ দাবীৰে অসমত তেওঁলোকে শান্তি প্ৰতিষ্ঠা কৰিব বিচাৰিছে ৷ কিন্তু সেই শান্তি কাৰ বাবে? যিসকল জনতাই এসময়ত নিজৰ প্ৰাণৰ মায়াকো নেওচি চৰকাৰী নিৰাপত্তা বাহিনীৰ হাতৰ পৰা এই ডেকা ল’ৰাকেইজনক ৰক্ষা কৰিছিল, যিসকলক নিজৰ ভাগৰ অন্ন খুৱাইছিল সেই জনতাকে এওঁলোকে নিৰ্মমভাৱে হত্যাযজ্ঞৰ বলিশালত বলি দিবলৈ অকণো কুণ্ঠাবোধ নকৰিলে ৷ আৰু এতিয়া সেই জনতাকে আশ্ৰয় কৰি তেওঁলোকে অসমত শান্তি প্ৰতিষ্ঠা কৰিবলৈ আহিছে ৷ ইয়াতকৈ হাস্যকৰ কথা কি হ’ব পাৰে!
২০১১ বৰ্ষৰ আটাইতকৈ বিষাদজনক বাতৰিটো হ’ল সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু ডঃ মামণি ৰয়ছম গোস্বামীৰ মৃত্যুৰ বাতৰিটো ৷ তেখেত দুজনৰ মৃত্যুত আমি আমাৰ পৰিচয় হেৰুৱালো ৷ আমাৰ সত্ত্বা হেৰুৱালো ৷ ২০১১ বৰ্ষৰ নৱেম্বৰ মাহটোৰ এই দুটা বিষাদজনক খবৰ আমি যেন কোনেও মনত ৰাখিব নিবিচাৰিম, আমি যেন অনুভৱ কৰিব নিবিচাৰিম যে তেওঁলোক আমাৰ মাজত নাই ৷ কায়িকভাৱে নহ’লেও তেওঁলোকৰ অস্তিত্ব আমাৰ মাজত সদায়েই জীয়াই থাকিব ৷
শেহতীয়াকৈ ইউনিকোডত অসমীয়া লিপিৰ প্ৰতিষ্ঠাৰ বাবে হোৱা সংগ্ৰামে বৌদ্ধিক মহলত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিলে ৷ বিশ্ব দৰবাৰত নিজৰ স্বকীয়তা বজাই ৰাখিবলৈ হ’লে আমি আমাৰ লিপি ইউনিকোডত প্ৰতিষ্ঠা কৰাটো অতি জৰুৰী ৷ কিন্তু নিজৰ মাজতে হোৱা খোৱা-কামৰা তথা ভুল বুজাবুজিয়ে এই কাম অতি লেহেমীয়া কৰি তুলিছে ৷ সেয়ে অতি শীঘ্ৰেই আমি এই কাম সুকলমে সম্পাদন কৰিব লাগে ৷
দেখা গ’ল যে বিদায়ী ২০১১ বৰ্ষটো আমাৰ বাবে অনুকূল নাছিল ৷ অনুকূল নাছিল ইয়াৰ পৰিৱেশ, সময় এই সকলোবোৰ ৷ কোৱা হৈছে, আগন্তুক ২০১২ বৰ্ষটোৱে আমাৰ বাবে কঢ়িয়াই আনিব নতুন আশা ৷ চৰকাৰে ন ন আঁচনিৰে হেনো সমৃদ্ধ কৰিব অসম ৷ দেশৰ জনতাই যেন শান্তিৰে উশাহ লৈ ক’ব পাৰে- হয়, আমি এখন সুস্থ গণতান্ত্ৰিক দেশত বাস কৰিছো ৷ আমিও আশা ৰাখিছো অনাগত দিনবোৰ যেন আমাৰ বাবে সুখৰ হওক ৷ কঢ়িয়াই আনক নতুন সু-বতৰা ৷ সেই আশাৰে আগবাঢ়িছোঁ, উজুটি খাই নপৰাৰ প্ৰতিশ্ৰুতিৰে ৷