পৃষ্ঠা সমূহ

Monday, January 16, 2012

এয়া পোনপটীয়া সম্প্ৰচাৰ- এক মিনিটৰ গল্প


আজি মাঘ বিহুৰ উৰুকা ৷ ৰাতিপুৱা শুই উঠিয়েই মানীবেগটোলৈ চালো ৷ দৰমহা পোৱা বেছি দিন হোৱা নাই ৷ গতিকে মানীবেগটোৰ স্বাস্থ্য এতিয়ালৈ ভালেই আছে ৷ ধন্য, অসম চৰকাৰ ৷ মাহৰ মূৰত যে দৰমহাকেইটা সময়মতে দিয়া কৰিছে ৷ গা-পা ধুই মূৰৰ চুলিখিনি চিকুণকৈ ফণিয়াই দুই হাতে দুটা বেগ লৈ বজাৰলৈ বুলি ওলালো ৷ আজি মাহৰ দ্বিতীয়টো শনিবাৰ ৷ গতিকে সময়ৰ কাৰণে চিন্তা নাই মোৰ ৷ পম্পীয়ে এখন দীঘলীয়া লিষ্ট মোৰ পকেটত গুজি দিলে ৷ শ্ৰীমতীৰ প্ৰথমটো বিহু আমাৰ ঘৰত ৷ গতিকে মনৰ মতনটো হ’বই লাগিব ৷ গেৰেজৰ পৰা মোৰ পুৰণা স্কুটাৰখন উলিয়াই ষ্টাৰ্ট দিলো ৷ এইখনৰ শব্দ আকৌ জগত বিখ্যাত ৷ সেই শব্দ শুনি কাষৰ বৰুৱা ওলাই আহি মাত দিলে ৷
-কিহে মজুমদাৰ, বজাৰলৈ যায়? ৰ’ব, আধাবাটত মোকো নমাই থৈ যাব ৷
বৰুৱাক পিছফালে বহাই বজাৰলৈ বুলি যাত্ৰা কৰিলো ৷ আধা ৰাস্তাত তেওঁক নমাই বজাৰলৈ বুলি স্কুটাৰখন পোনালো ৷ বজাৰত ইতিমধ্যে ভিৰ আৰম্ভ হৈছেই ৷ দাসৰ পাণ দোকানৰ কাষত স্কুটাৰখন পাৰ্ক কৰি বজাৰলৈ সোমাই গ’লো ৷ বিধে-বিধে বস্তু ৷ মাছ-মাংসৰে উভৈনদী ৷ প্ৰথমে পাচলিকে লওঁ বুলি পাচলিৰ বজাৰত সোমালো ৷ পম্পীয়ে দিয়া লিষ্টখন উলিয়াই এফালৰ পৰা বস্তুবোৰ কিনা আৰম্ভ কৰিলো ৷ লাহে-লাহে মানীবেগটোৰ স্বাস্থ্য ক্ষীণাই আহিল ৷ মাছৰ বজাৰত সোমালো ৷ দাম শুনি মোৰ থৰকাচুটি নাইকিয়া ৷ বেচেৰা মানীবেগটো !!! পম্পীয়ে লিখিছিল ইলিচ মাছৰ কথা ৷ বাদ দেনা ৷ পিছৰ মাহত কিনি তাইক খুৱাম ৷ এইবাৰলৈ কুঢ়ি মাছেৰেই কাম চলাব লাগিব ৷ আধা কেজি কুঢ়ি মাছ ল’লো ৷ মাংসৰ বজাৰত সোমালো ৷ তাতো সেই একেই অৱস্থা ৷ লোকেল বাদ দি ব্ৰইলাৰ এটাকে দুজনে মিলি ভাগ-বতৰা কৰি কিনি ল’লো ৷ তেতিয়ালৈ মানীবেগটোৱে সেমেকা চকুৰে মোলৈ চাই আছে ৷ দুয়োখন বেগ দুহাতে লৈ ঘৰলৈ উভতিবৰ বাবে সাজু হৈছো ৷ এনেতে হাতত বুম এটা লৈ টিভি সাংবাদিক এজন চিধাই মোৰ কাষলৈ আহিল ৷ মোৰ আগে পিছে দুটাকৈ কেমেৰা হাতত লৈ এংগোল মিলাই দুজন কেমেৰামেন ৷ কোনো পাতনি নেমেলাকৈ সাংবাদিকজন চিধাই মোক প্ৰশ্ন সোধা আৰম্ভ কৰিলে ৷
-কওকচোন, উৰুকা বজাৰ কৰি কেনে লাগিল আপোনাৰ ?
-ভালেই লাগিল ৷ মানীবেগটোৱেহে কান্দো কান্দো কৰি আছে ৷
-মাঘৰ বিহুত আপোনাৰ অনুভৱ ?
-সেইবোৰ চিন্তা কৰা বাদ দিছো দিয়ক ৷
-আপুনি কি কি ল’লে আজি ?--- এইবুলি কৈ চিধাই তেওঁ মোৰ হাতৰ পৰা পাচলিৰ বেগটো কাঢ়ি লৈ এপদ এপদকৈ বস্তুবোৰ উলিয়াই কেমেৰাৰ পিনে মুখ দি ক’বলৈ ধৰিলে---
-এয়া তেওঁ মাঘৰ বিহুৰ উৰুকাৰ ভোজ খোৱাৰ বাবে লৈছে বেঙেনা, পটল, আলু, পিয়াঁজ আৰু এয়া কি ? কচুৰ ঠাৰি ৷
এনেতে মোৰ ম’বাইলটো বাজি উঠিল ৷ পকেটৰ পৰা উলিয়াই দেখোঁ পম্পীৰ ফোন ৷
-অ’ কোৱা ৷
-তোমাক টিভিত চাই আছোঁ ৷ সেই কচুৰ ঠাৰিসোপা ল’বলৈ তোমাক কোনে কৈছে ? নোৱাৰোঁ মই সেই চব বনাব ৷ ---এইবুলি কৈ পম্পীয়ে ফোনটো কাটি দিলে ৷ এইবাৰ সাংবাদিকজনে মোৰ ইখন হাতৰ পৰা বেগটো কাঢ়ি লৈ বস্তুবোৰ এপদ এপদকৈ উলিয়াব ধৰিলে ৷ মোৰ ধৈৰ্যচুতি গটিল ৷ তেওঁ এসোপামান কিবাকিবি কৈয়েই আছে আৰু সেইবোৰৰ বিশ্লেষণ কৰিয়েই আছে ৷ এসময়ত তেওঁ যেনিবা মোক মুক্তি দিলে ৷ বেগ দুটা লৈ চিধাই স্কুটাৰখনৰ কাষলৈ আহিলো ৷ আধাঘণ্টামানৰ মূৰত ঘৰ পালোহি ৷ কাষৰ বৰুৱা ইতিমধ্যেই ঘৰ পাইছেহি ৷ মোক দেখি তেওঁ দূৰৰ পৰা চিঞঁৰিলে-
-মজুমদাৰ, আজি কচুৰ ঠাৰি আৰু কুঢ়ি মাছেৰে উৰুকা খাব আৰু ! নে কি কয় ?
বৰুৱাক একো নকৈ মই তলমূৰকৈ ঘৰৰ ভিতৰ সোমালোহি ৷ পম্পীয়ে বৰুৱাৰ কথাষাৰ নাই শুনা বুলি মনটোক আশ্বস্ত কৰিলো ৷ সন্তৰ্পণে কোঠালিটোলৈ সোমাই দেখিলো তেওঁ একান্তমনে মোৰ ফালে পিঠি দি কাপোৰ জপাত ব্যস্ত ৷ দুকোঠলীয়া ভাৰাঘৰটোৰ নিৰ্জনতাই ইতিমধ্যেই পম্পী আৰু মোক ছানি ধৰিছে তেতিয়া ৷

© Manoranjan Majumder (Short Story)
www.manoranjan-m.blogspot.com
15th Jan’2012

Sunday, January 1, 2012

নৱবৰ্ষৰ সন্ধিক্ষণতঃ ২০১২

বিদায়ী ২০১১ চনৰ প্ৰাকমুহূৰ্তত ঘটি যোৱা কেইটিমান ঘটনাই আমাক লগতে সমগ্ৰ পৃথিৱীবাসীকে জোকাৰি গ’ল ৷ চাবলৈ গ’লে ঘটি যোৱা ঘটনাবোৰ মাথোঁ সময়ৰ ওখ-চাপৰ কেইটামান ঢৌহে ৷ কিন্তু সাগৰৰ ঢৌ যিদৰে মাত্ৰ দূৰৈৰ পৰা দেখিবলৈ হে ধুনীয়া কিন্তু বাস্তৱত যে সেয়া জটিল জীৱনৰ প্ৰতিচ্ছবিহে ৷ ঠিক তেনেকৈ বিদায়ী ২০১১ চনটোত ঘটি যোৱা ঘটনাবোৰে হালোৱা, মজদুৰৰ পৰা আৰম্ভ কৰি ধনীক, পুঁজিপতি সকলো শ্ৰেণীকে চুই গ’ল ৷ দেখুৱাই থৈ গ’ল কিদৰে সময়ৰ কঠিন হাতোৰাৰ তলত ধনী, দুখীয়া সকলো একাকাৰ, সকলো অসহায় ৷
ৰাতিপুৱাৰ চেঁচা কোমল ৰ’দজাক ওলোৱাৰ লগে লগেই আমাৰ কৃষক বন্ধুসকলৰ মনত নতুন আশাই জীপাল দি উঠে ৷ তাতে এইবাৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি ধানৰ বীজ বিতৰণ কাৰ্যসূচীৰ অন্তৰ্গত নতুন বীজবোৰ হাতে হাতে পোৱাৰ পিছত তেওঁলোকৰ সেউজীয়া সপোনবোৰে সাৰ পাই উঠিছে ৷ নতুন উদ্যমেৰে সকলোৱে পথাৰত সেই বীজবোৰ ৰোপণ কৰিলে ৷ কিন্তু মাহচেৰেক যোৱাৰ পিছত ধানৰ ঠোকবোৰ হালধীয়া পৰি আহিবলৈ ধৰিলে ৷ ঠোকবোৰত সুৱগা চাউলৰ সলনি আছিল খালী চোকোৰাহে ৷ মূৰে-কপালে হাত দিলে আমাৰ কৃষক বন্ধুসকলে ৷ আৰম্ভ হ’ল এক বিদ্ৰোহৰ ৷ সেই বিদ্ৰোহ আছিল চৰকাৰ তথা পুঁজিপতিসকলৰ বিৰুদ্ধে ৷ বিদ্ৰোহত কঁপি উঠিল পুঁজিপতিসকল আৰু সেই বিদ্ৰোহ দমন কৰিবলৈ উঠি-পৰি লাগিল ৷ সংঘাতৰ শেষ পৰ্যায়ত কৃষক বন্ধুসকলে বাছি ল’ব লগীয়া হ’ল আত্মহননৰ পথ ৷ এয়াই আমাৰ দশা, এয়াই আমাৰ ভাগ্য ৷ ২০১১ বৰ্ষৰ প্ৰথমাৰ্ধত এনে ধৰণৰ কৃষক আন্দোলনে ভালকৈয়ে শাসকবৰ্গক জোলোকা-জোলোকে পানী খুৱালে ৷ কিন্তু ক’ৰবাত যেন লক্ষ্যভ্ৰষ্ট হ’ল সেই আন্দোলনৰ উদ্দেশ্য ৷ ভমককৈ জ্বলি উঠা জুইকুৰা যেন হঠাতে নিৰ্বাপিত হ’ল ৷ নিজম পৰিল সেই শিখা ৷
ঠিক সেইদৰে বৃহৎ নদী বান্ধ সম্পৰ্কীয় আন্দোলনতো যথেষ্ট হৈ-হাল্লা হ’ল, কিন্তু মূৰকত সেয়াও ফুটুকাৰ ফেনযেন হে হ’ল ৷ কিয়নো চাওঁতে চাওঁতে টাৰবাইন পৰিবাহী জাহাজবোৰ আহি অসম সোমালেই ৷ সমগ্ৰ অসমৰ ভৱিষ্যত পুনৰবাৰৰ বাবে বিপদাপন্ন হ’ল ৷
আগতেই উল্লেখ কৰিছো যে, এই বৰ্ষটো পুঁজিপতিসকলৰ বাবেও সুপ্ৰসন্ন নাছিল ৷ ৱিকিলিকছ নামৰ ৱেৱছাইটোত ফাদিল হোৱা বিস্ফোৰক তথ্যই আমেৰিকান পুঁজিপতিসকলৰ ভেঁটি কঁপাই তুলিছিল ৷ দুৰ্নীতিত নিমজ্জিত লোকসকলৰ মাজত লৰা-ঢপৰা লাগিছিল ৱিকিলিকছৰ মুখ বন্ধ কৰিবলৈ ৷ সেই পৰিণতিতেই বন্ধ হৈছিল সেই ৱেবছাইটটো ৷ কিন্তু উমি উমি জ্বলা জুইকুৰাই ক্ৰমান্বয়ে বনজুইৰ ৰূপ লৈছিল ৷ সেই জুই অকল আমেৰিকাতেই সীমাৱদ্ধ হৈ নাথাকিল ৷ ভাৰততো আহি সেই জুইৰ লেলিহান শিখাই পুঁজিপতিসকলক দহন কৰিলেহি ৷ আন্না হাজাৰেৰে নেতৃত্বত ভাৰততো সেই জুই প্ৰবল হৈ উঠিল ৷ দুৰ্নীতিত নিমজ্জিত লোকসকলৰ বাবে বিভীষিকা স্বৰূপ হৈ উঠিল আন্না হাজাৰে ৷ প্ৰবল জনমত আৰু আন্না হাজাৰেৰ দুৰ্বাৰ অনশনৰ সন্মুখত চৰকাৰ সেও মানিবলৈ বাধ্য হ’ল ৷ জনলোকপাল আইন গৃহীত হ’ল ৷ কিন্তু সেয়াও যেন সৰু ল’ৰা-ছোৱালীক ভুৰুকোৱা আহিলাহে হ’ল ৷ কাৰণ চৰকাৰৰ ফালৰ পৰাও আন এক জনলোকপাল আইনৰ খচৰা প্ৰস্তুত কৰা হ’ল যিখনৰ নীতিবোৰ জনগণৰ নীতিৰ পৰিপন্থী ৷ তাৰ ফলশ্ৰুতিত সেই আইনখনো এক নুবুজা সাঁথৰৰ দৰে হৈ থাকিল ৷ মনকৰিবলগীয়া কথা এয়ে আছিল যে, আন্না হাজাৰেৰে নেতৃত্বত হোৱা এই আন্দোলনখনে দেশৰ প্ৰত্যেকটো প্ৰান্তৰে জনগণক একত্ৰিত কৰিবলৈ সক্ষম হৈছিল ৷ নিৰ্ভীক হৈ উঠিছিল দেশৰ জনতা ৷ কিন্তু পিছত তেওঁলোকৰ নিজৰ দলৰ মাজতে হোৱা অৰিয়াঅৰিয়ে বাতৰিৰ শীৰ্ষস্থান দখল কৰিলে ৷ জনতাৰ আশাত পুনৰ চেঁচাপানী পৰিল ৷ উল্লেখ্য যে, আন্না হাজাৰেৰ এই আন্দোলনত যোগ দিছিল কিৰন সিং বেদী, ৰামদেৱ, স্বামী অগ্নিৱেশ আদি প্ৰসিদ্ধ লোকসকলৰ পৰা আৰম্ভ কৰি আমাৰ অসমৰ কৃষক নেতা অখিল গগৈও ৷
দেশত চলি থকা এই অস্থিৰাৱস্থাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি আহিল মূল্যবৃদ্ধিৰ প্ৰসংগই ৷ বয়-বস্তুৰ উচ্চ দামে দেশবাসীক জুৰুলা কৰিলে ৷ জনতাই ইয়াৰ প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিল ৷ মূল্যবৃদ্ধিয়ে অকল দেশৰ দৰিদ্ৰ জনতাৰ ওপৰতে নহয় পুঁজিপতিসকলৰ ওপৰতো প্ৰভাৱ পেলালে ৷ বিজয় মালিয়াৰ নিচিনা ধনকুবেৰেও শেষত ঋণত পোত যাবলগীয়া অৱস্থা হ’ল ৷ মানুহৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম আকাশলংঘী হ’ল ৷ দেশৰ জনতাই ত্ৰাহি মধুসূদন সোঁৱৰিলে ৷
এই বছৰৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ আছিল গাড্ডাফি আৰু লাডেনৰ নিধন ৷ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত দেখুওৱা উদাসীনতা তথা স্বেচ্ছাচাৰিতাই কাল হৈছিল গাড্ডাফিৰ বাবে ৷ দেশৰ জনসাধাৰণ হৈ উঠিছিল বিদ্ৰোহী আৰু সেই বিদ্ৰোহৰ পৰিণতিতেই অতি শোকাৱহ বাবে মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল এসময়ৰ প্ৰবল প্ৰতাপী গাড্ডাফি ৷ আনহাতে পশ্চিমীয়া দেশৰ বাবে বিভীষিকা স্বৰূপ লাডেনৰ মৃত্যুৰ বাতৰিও আছিল এক উল্লেখযোগ্য খবৰ ৷ আমেৰিকাৰ ট্ৰেড চেণ্টাৰ ধ্বংসৰ পিছত লাডেন হৈ পৰিছিল দেশখনৰ বাবে মূৰৰ কামোৰণি স্বৰূপ ৷ ধৰ্মীয় গোড়ামি তথা সন্ত্ৰাস সৃষ্টিৰ উদ্দেশ্যৰেই লাডেনে চলাইছিল পৃথিৱীত ধ্বংসলীলা ৷ কিন্তু সেই লাডেনৰ সেই পৰাক্ৰমেও নিয়তিৰ ওচৰত হাৰ মানিলে ৷ জন্তুৰ দৰে নিৰাপত্তা সৈন্যই নিধন কৰিলে সেই দুৰ্জয়ক ৷
কোনো এক অজানা মোহে তথা মাতৃভূমিৰ প্ৰেমে হাতবাউলি দি মাতিছিল সেই ডেকা ল’ৰাকেইজনক ৷ সময়ৰ সেই আহ্বান উপেক্ষা কৰিব পৰা নাছিল যুৱ দলটোৱে ৷ তাৰ পৰিণতিত জন্ম হৈছিল আলফা নামৰ সংগঠনটোৰ ৷ উদিত সূৰ্যৰ দৰেই তেওঁলোক জিলিকি উঠিছিল ৷ আস্থাভাজন হৈ পৰিছিল অসমৰ জনতাৰ ৷ কিন্তু ক’ৰবাত যেন ভুল এটা হ’ল ৷ বিচ্যুতি ঘটিল কক্ষপথৰ পৰা ৷ ক্ৰমে জনতাৰ মাজৰ পৰা আঁতৰি গ’ল তেওঁলোক আৰু তাৰ পৰিণতিত অসমত আৰম্ভ হ’ল অবাধ হত্যাযজ্ঞ, লুণ্ঠন, অপহৰণবোৰ ৷ অশান্ত হৈ পৰিল সোণৰ অসমখন ৷ বিদেশীৰ প্ৰব্ৰজনে ৰাজ্যখনক আৰ্থিকভাৱে দুৰ্বল কৰি পেলালে ৷ খোদ নিজ গৃহৰাজ্যতেই কৰ্মহীন হৈ পৰিল অসমীয়া যুৱক-যুৱতীসকল ৷ তাৰে পৰিণতি সেই বিখ্যাত অসম আন্দোলন ৷ সেই আন্দোলনে কোঙা কৰিলে অসমৰ ৰাজহাঁড় ৷ এতিয়া শেহতীয়াকৈ তেওঁলোক ঘূৰি আহিছে ৰাইজৰ মাজলৈ ৷ চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে পূৰ্ণ স্বায়ত্ত শাসনৰ দাবীৰে অসমত তেওঁলোকে শান্তি প্ৰতিষ্ঠা কৰিব বিচাৰিছে ৷ কিন্তু সেই শান্তি কাৰ বাবে? যিসকল জনতাই এসময়ত নিজৰ প্ৰাণৰ মায়াকো নেওচি চৰকাৰী নিৰাপত্তা বাহিনীৰ হাতৰ পৰা এই ডেকা ল’ৰাকেইজনক ৰক্ষা কৰিছিল, যিসকলক নিজৰ ভাগৰ অন্ন খুৱাইছিল সেই জনতাকে এওঁলোকে নিৰ্মমভাৱে হত্যাযজ্ঞৰ বলিশালত বলি দিবলৈ অকণো কুণ্ঠাবোধ নকৰিলে ৷ আৰু এতিয়া সেই জনতাকে আশ্ৰয় কৰি তেওঁলোকে অসমত শান্তি প্ৰতিষ্ঠা কৰিবলৈ আহিছে ৷ ইয়াতকৈ হাস্যকৰ কথা কি হ’ব পাৰে!
২০১১ বৰ্ষৰ আটাইতকৈ বিষাদজনক বাতৰিটো হ’ল সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু ডঃ মামণি ৰয়ছম গোস্বামীৰ মৃত্যুৰ বাতৰিটো ৷ তেখেত দুজনৰ মৃত্যুত আমি আমাৰ পৰিচয় হেৰুৱালো ৷ আমাৰ সত্ত্বা হেৰুৱালো ৷ ২০১১ বৰ্ষৰ নৱেম্বৰ মাহটোৰ এই দুটা বিষাদজনক খবৰ আমি যেন কোনেও মনত ৰাখিব নিবিচাৰিম, আমি যেন অনুভৱ কৰিব নিবিচাৰিম যে তেওঁলোক আমাৰ মাজত নাই ৷ কায়িকভাৱে নহ’লেও তেওঁলোকৰ অস্তিত্ব আমাৰ মাজত সদায়েই জীয়াই থাকিব ৷
শেহতীয়াকৈ ইউনিকোডত অসমীয়া লিপিৰ প্ৰতিষ্ঠাৰ বাবে হোৱা সংগ্ৰামে বৌদ্ধিক মহলত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিলে ৷ বিশ্ব দৰবাৰত নিজৰ স্বকীয়তা বজাই ৰাখিবলৈ হ’লে আমি আমাৰ লিপি ইউনিকোডত প্ৰতিষ্ঠা কৰাটো অতি জৰুৰী ৷ কিন্তু নিজৰ মাজতে হোৱা খোৱা-কামৰা তথা ভুল বুজাবুজিয়ে এই কাম অতি লেহেমীয়া কৰি তুলিছে ৷ সেয়ে অতি শীঘ্ৰেই আমি এই কাম সুকলমে সম্পাদন কৰিব লাগে ৷
দেখা গ’ল যে বিদায়ী ২০১১ বৰ্ষটো আমাৰ বাবে অনুকূল নাছিল ৷ অনুকূল নাছিল ইয়াৰ পৰিৱেশ, সময় এই সকলোবোৰ ৷ কোৱা হৈছে, আগন্তুক ২০১২ বৰ্ষটোৱে আমাৰ বাবে কঢ়িয়াই আনিব নতুন আশা ৷ চৰকাৰে ন ন আঁচনিৰে হেনো সমৃদ্ধ কৰিব অসম ৷ দেশৰ জনতাই যেন শান্তিৰে উশাহ লৈ ক’ব পাৰে- হয়, আমি এখন সুস্থ গণতান্ত্ৰিক দেশত বাস কৰিছো ৷ আমিও আশা ৰাখিছো অনাগত দিনবোৰ যেন আমাৰ বাবে সুখৰ হওক ৷ কঢ়িয়াই আনক নতুন সু-বতৰা ৷ সেই আশাৰে আগবাঢ়িছোঁ, উজুটি খাই নপৰাৰ প্ৰতিশ্ৰুতিৰে ৷

নিউট্ৰিন

আচলতে সূত্ৰটো এনেকৈ সলনি হ’ব বুলি মই ভবাই নাছিলো ৷ গোটেই কথাখিনিত পুনৰ খেলিমেলি লাগিল ৷ যদি পোহৰতকৈ বেগী কোনোবা আছে, সি কেনেকুৱা হ’ব বাৰু!তাৰ লক্ষণবোৰ কেনেকুৱা হ’ব?কিমান বেগত গতি কৰিব বাৰু সি?এই মাহৰ বিজ্ঞানভিত্তিক আলোচনীখনত প্ৰকাশ হোৱা প্ৰৱন্ধ এটা পঢ়ি এইবোৰকে ভাবি অলস ভাবে বিচনাখনতে পৰি আছিলো ৷ জীৱনটো মোৰ একঘেয়ামি হৈ পৰিছে ৷ অফিচ-ঘৰ, অফিচ-ঘৰ৷ এয়াই মোৰ জীৱন৷ কেতিয়াবা ভাবোঁ, সময়ৰ বোকোচাত উঠি এবাৰ শৈশৱৰ পৰা ঘূৰি আহিব পৰা হ’লে!শৈশৱৰ সেই সোণালী সময়বোৰ পুনৰ ছুই চাব পৰা হ’লে ৷
নিউট্ৰিন তাৰ নাম৷ অসম্ভৱ চঞ্চল সি ৷ আজি ইয়াত, কাইলৈ তাত ৷ দুৰ্বাৰ তাৰ গতি ৷ কাৰো বাধা নামানে ৷ সময়ক ৰাখিব পাৰে সি হাতৰ মুঠিত ৷ তেনে এটা নিউট্ৰিন বিচাৰি মই বজাৰলৈ ওলালো ৷ বজাৰত অসংখ্য মানুহ ৷ প্ৰত্যেকৰে হাতে হাতে এটা নিউট্ৰিন ৷ মানুহবোৰৰ মুখত উলাহৰ সীমা নাই৷ আনহাতে মানুহবোৰৰ হাতৰ মুঠিত নিউট্ৰিনটোৱে চঞ্চলভাৱে ইফাল-সিফাল কৰি আছে৷ তাক গতি লাগে ৷ বন্ধ হৈ থকাটো তাৰ স্বভাৱবিরুদ্ধ কথা ৷ দোকানীৰ লগত দৰ-দাম কৰি নিউট্ৰিন এটা লৈ পকেটত ভৰালো ৷ দোকানীজনে ক’লে, ‘‘দাদা, ভালকৈ ধৰিব৷’’ তেওঁলৈ চাই এটা বেপেৰুৱা হাঁহি মাৰিলো ৷ বজাৰৰ ভিৰৰ পৰা ওলাই আহি চৰকাৰী স্কুলখনৰ খেলপথাৰখন পালো ৷ এটা দীঘলীয়াকৈ উশাহ ল’বৰ মন গ’ল মোৰ ৷ চোলাৰ পকেটত তেতিয়াও নিউট্ৰিনটোৱে খুন্দা মাৰি আছে ৷ তাক পকেটৰ পৰা উলিয়াই হাতত ল’লো ৷ মাজে মাজে যেন সি একেবাৰে মোৰ নাকৰ কাষলৈ আহি খুন্দা মাৰিব খোজে ৷ মই জানো, সি মোক কেতিয়াও এৰি গুছি নাযায় ৷ গৰাকীক ভালকৈয়ে চিনি পাইছে সি ৷ ময়ো তাক কেতিয়াও এৰি দিব নোৱাৰো৷ আজিৰে মোৰ জীৱন সলনি হ’ব ৷ স্তব্ধ হৈ যোৱা সময়বোৰ পুনৰাই দৌৰিবলৈ আৰম্ভ কৰিব ৷ হঠাৎ এবাৰ খেলপথাৰখনত বলিয়াৰ দৰে ইমূৰৰ পৰা সিমূৰলৈ দৌৰি ফুৰিলো ৷ নিউট্ৰিনটোৱে যেন মোৰ কাণে কাণে কৈছে, ‘‘এয়া শেষবাৰৰ বাবে শামুকীয়া গতিৰে তুমি দৌৰি লোৱা ৷ মই তোমাক গতি দিম ৷’’ বিদ্যালয়ৰ পানীখোৱা ছুটিত ওলাই অহা ল’ৰা-ছোৱালীবোৰে মোলৈ চাই হাঁহিছে ৷ অকৰাৰ দৰে হঠাতে গৈ মই কম বয়সীয়া যেন লগা ল’ৰা এটাক বোকোচাত তুলি ল’লো ৷ বাকীবোৰ ল’ৰাই সোপাধৰা সোপাধৰা বুলি চিঞৰি বিদ্যালয়ৰ ভিতৰলৈ দৌৰ দিলে ৷ মোৰ বোকোচাত থকা ল’ৰাটোৱে যেন অসম্ভৱ ভয় খালে৷ সি ফেকুৰিবলৈ ধৰিলে ৷ মই তাৰ হাতত নিউট্ৰিনটো দি উমলিবলৈ দিলো৷ সেইটো পাই সি অলপ ক্ষান্ত হ’ল ৷ কোন তলকত সি মোৰ বোকোচাৰ পৰা মুক্ত হৈ দৌৰ দিলে গমেই নাপালো ৷ তাৰ হাতৰ মুঠিত মোৰ নিউট্ৰিনটো ৷ মই পিছফালৰ পৰা বিনালো, ‘‘মোৰ নিউট্ৰিনটো মোক ঘুৰাই দিয়া, ঘুৰাই দিয়া’’ ৷ নিউট্ৰিনটো হাতৰ মুঠিত পাই ল’ৰাটো যেন অসম্ভৱ চঞ্চল হৈ উঠিল ৷ বহুদুৰ আগুৱাই গ’ল সি ৷ মই মূৰে-কপালে হাত দি ঠাইতে বহি পৰিলো ৷ সৰু ল’ৰাটো চকুৰ পলকতে চহৰ-নগৰ পাৰ হৈ কোনোবাখিনি পালেগৈ ৷ মই তাক ধৰিব নোৱাৰিলো ৷ উপায়ান্তৰ হৈ পুনৰ দোকানখনলৈ গ’লো মই৷ দোকানীজনে মোক দেখিয়েই চিনি পালে ৷ মই কিবা কোৱাৰ আগেয়েই তেওঁ মোৰ হাতত তুলি দিলে হেৰুওৱা নিউট্ৰিনটো ৷ মই আচৰিত হ’লো ৷ দোকানীজনে মোৰ বিস্ময় ভাঙি ক’লে, ‘‘দাদা, আপুনি তেনেহ’লে ইয়াক ভালকৈয়ে ধৰি লৈছে৷’’ দোকানীজনৰ চাৱনিটো মোৰ ৰহস্যজনক যেন লাগিল ৷ মুখেৰে একো নামাতি এইবাৰ পোনে পোনে ঘৰলৈ গুচি আহিলো ৷ পঢ়াটেবুলখন বিশৃংখল হৈ আছে ৷ কেইখনমান কিতাপ, পুৰণা গানৰ চিডি দুখনমান আৰু ম্যাদ উকলি যোৱা টেবলেটৰ কেইটামান পেকেট টেবুলখনৰ ওপৰতে পৰি আছে ৷ হাতেৰে সকলোবোৰ আজুৰি তলত পেলালো ৷ পাকঘৰলৈ গৈ পুৰণা হৰলিক্সৰ খালী বৈয়াম এটা উলিয়াই তাতে নিউট্ৰিনটো আলফুলে ভৰালো ৷ বৈয়ামটো পঢ়াটেবুলখনৰ ওপৰতে থলো ৷ কাষতে টেবুল ফেনখন চলি আছে ৷ প্ৰথম পৰীক্ষাটো ফেনখনৰ ওপৰতে কৰোঁ বুলি ভাবিলো ৷ নিউট্ৰিনটো বৈয়ামৰ পৰা উলিয়াই হাতৰ তলুৱাত ল’লো ৷ ফেনখনলৈ লক্ষ্য কৰি নিউট্ৰিনটো দাঙি ধৰিলো ৷ স্তব্ধ হৈ গ’ল ফেনখন ৷ আঙুলিৰে পাংখাকেইখন বিপৰীত দিশত ঘুৰাই দিলো ৷ এক বিকট শব্দ কৰি মটৰটো জ্বলি গ’ল ৷ নিউট্ৰিনটো ফেনখনৰ পৰা আঁতৰাই আনিলো ৷ ফেনখনৰ পৰা ইতিমধ্যে জুই ওলাবলৈ আৰম্ভ কৰিছে ৷ প্ৰথম পৰীক্ষাত বিফল! অশান্তিৰে ভৰি পৰিল মনটো ৷ জীৱনত কৰি অহা ভুলবোৰ কি মই শুধৰাব নোৱাৰিম নেকি? স্বপ্নাই এৰি যোৱা সেই মূহুৰ্তটো ৷ তাই এতিয়া কি কৰি আছে বাৰু? সুখেৰে আছেনে তাই গিৰিয়েকৰ লগত? মনটো তিতা লাগি আহিল ৷ মনত পৰিল তাইৰ লগত কটোৱা নিবিড় মূহুৰ্তবোৰ ৷ এনেতে দুৱাৰত টোকৰৰ শব্দ শুনিলো ৷ আজি মোৰ অফিচ নাই ৷ ঘৰৰ মালিকে এই কথা জানে ৷ চাগে ঘৰৰ ভাৰাৰ কথা সুধিবলৈ আহিছে ৷ প্ৰচণ্ড বিৰক্তিত উঠি গৈ দুৱাৰখন খুলি দিলো ৷ এয়া কি, দুৱাৰমুখত চোন স্বপ্না!হতবাক হ’লো মই ৷
-ভিতৰলৈ নামাতা নেকি?
-অহ, আহা ৷
বিচনাখনত থকা কাপোৰবোৰ লৰালৰিকৈ গুচাই স্বপ্নাক তাতে বহিবলৈ দিলো ৷ এক মূহুৰ্তলৈ নীৰৱতাই আগুৰি ধৰিলে ৷ স্বপ্নাই তাইৰ কান্ধত ওলমি থকা বেগটোৰ পৰা ৰুমাল এখন উলিয়াই মুখখন মোহাৰি ল’লে ৷ তাই পিন্ধি অহা ব্লাউজটোৰ বাউসীটো ঘামেৰে তিতি গৈছে ৷ জ্বলি থকা টেবুলফেন খনলৈ চাই তাই মিচিকিয়াই হাঁহিলে ৷ মই অলপ অপ্ৰস্তুত হ’লো ৷ হঠাতে তাই বিচনাখনৰ পৰা উঠি আহি মোক সাৱতি ধৰিলে ৷ তাইৰ গালে-মুখে মই অজস্ৰ চুমা আঁকি দিলো ৷ কিবা যেন এটা ভুল হৈছে ৷ এই একেখিনি কাম যেন মই সিদিনাখনে কৰিছিলোহে, এনে লাগিল মোৰ ৷ ঘটনাবোৰৰ যেন পুনৰাবৃত্তি হ’বলৈ ধৰিছে ৷ স্বপ্না মোৰ বাহুৰ মাজত আৱদ্ধ থকাৰ সময়তে মোৰ চকু গ’ল বৈয়ামটোৰ ভিতৰত থকা নিউট্ৰিনটোলৈ ৷ অসম্ভৱ জোৰেৰে সি বৈয়ামটোৰ বেৰত খুন্দিয়াবলৈ ধৰিছে ৷ স্বপ্নাক মোৰ বাহুবন্ধনৰ পৰা আঁতৰাই তাইৰ স্বামীৰ কথা সুধিলো ৷ ভূতে পোৱা মানুহৰ দৰে তাই মোলৈ চাই থাকি ক’লে- ‘‘তুমি পগলা হৈছা নেকি?তোমাৰ বাহিৰে মোৰ কোন আছে কোৱা?’’ এইবুলি কৈ তাই উচাত্ মাৰি মোক তাতে এৰি দুৱাৰখন খুলি বাহিৰলৈ গুচি গ’ল ৷ মোৰ সন্মুখৰ পৃথিৱীখন যেন ঘুৰিবলৈ ধৰিলে ৷ স্বপ্না মোৰ চকুৰ পৰা আঁতৰ হৈ গ’ল ৷ দেখা পালো মোৰ আইক ৷ সেয়া আইয়ে তাঁত শালত বহি বিহুৰ গামোচা কাটিছে ৷ মাজে মাজে মোলৈ চাই আয়ে কৈ আছে-‘‘অহা বহাগত তোৰ বিয়াখন পাতিবই লাগিব ৷ ছোৱালী মই চাই থৈছোঁ ৷ আমাৰ মোলানহঁতৰ গাঁৱৰ ৷ একেবাৰে ঘৰধৰা লখিমী ছোৱালী ৷’’ এয়া কি? পুনৰ আহি চোন মই মোৰ কোঠালিটো পালোহি! নিউট্ৰিনটোৱে তেতিয়াও বৈয়ামটোৰ বেৰত খুন্দিয়াই আছে ৷ চকুদুটা মুদি দিলো ৷ মানে মই অতীতলৈ ঘুৰি গৈছিলো ৷ নিউট্ৰিনটোৱে তাৰ কাম আৰম্ভ কৰি দিছে ৷ চকুদুটা খুলি নিজকে আৱিস্কাৰ কৰিলো কলেজৰ বাৰাণ্ডাত ৷ লগৰকেইজনে বেৰত ওলোমাই থোৱা পৰীক্ষাৰ নম্বৰৰ তালিকাখন চাই আছে ৷ দুৰৈত দেখা পাইছো, প্ৰিন্সিপাল চাৰে দুহাত মেলি মোৰ পিনে আগুৱাই আহিছে ৷ মোক সাৱতি লৈ চাৰে ক’লে- ‘‘তুমি আমাৰ কলেজৰ নাম ৰাখিলা ৷’’ মোৰ চকুত তেতিয়া আনন্দৰ অশ্ৰু ৷ এইবাৰ তেন্তে মই মোৰ আশা পুৰণ কৰিব পাৰিম ৷ দেশৰ বাহিৰত পঢ়িবৰ বাবে আনি থোৱা কলেজৰ ফৰ্মখন পুৰাই চহীটো মাৰিব খোজোতেই হঠাৎ যেন কৰ্ফাল খাই পৰিলো ৷ ফৰ্মখন চিঞাহীৰে ৰাঙলী হৈ পৰিল ৷ পুনৰ চকুৰে ধোঁৱা-কোৱা দেখিলো ৷ পুনৰ নিজকে মোৰ কোঠালিটোত আৱিস্কাৰ কৰিলো ৷ অশান্ত নিউট্ৰিনটোৱে যেন বৈয়ামটো ভাঙি ওলাই আহিব, এনেভাৱে খুন্দিয়াব ধৰিছে ৷ কিয় মই কিবা এটা কৰাৰ আগতেই নিউট্ৰিনটোৱে মোক পুনৰ অশান্ত পৃথিৱীখনলৈ লৈ আনে? সেই তেতিয়াই যদি স্বপ্নাক মোৰ কোঠালিৰ পৰা ওলাই আহোঁতে বাধা দিলোহৈ তাই হয়তো মোৰ বুকুত মুখখন গুজি মোৰ পৰা জীৱনৰ নিৰাপত্তা বিচাৰিলেহৈ ৷ আইক যদি তেতিয়াই স্বপ্নাৰ কথা কৈ দিলো হৈ তেতিয়া আয়ে নিশ্চয় মোৰ বাবে অন্য ছোৱালী নিবিচাৰিলেহৈ আৰু মৰমৰ পুত্ৰৰ পৰা পোৱা অনাকাংক্ষিত প্ৰত্যাখ্যানক প্ৰত্যাহ্বান হিচাপে নলৈ স্বপ্নাক বোৱাৰী হিচাপে আঁকোৱালি ল’লেহৈ ৷ কথাবোৰ ভাবি পাখি ভঙা চৰাইৰ দৰে ধৰফৰাই উঠিলো মই ৷ বিদেশত পঢ়িবলৈ যোৱাৰ মোৰ সেই পাগল নিচাটোক যদি বিৰত কৰিলোহৈ দেউতাই বাৰীৰ পিছৰ আমজোপাত চিপজৰী ল’ব লগা নহ’লহৈ ৷ মোক পঢ়োৱাৰ খৰচৰ বাবে খেতিৰ মাটিটুকুৰাও বিক্ৰী কৰি দি শেষত এবুকু ধাৰত পোত খোৱা দেউতাই যেতিয়া অহৰহ কাবুলীৱালা কেইটাৰ পৰা ভাবুকি পাবলৈ ধৰিলে তেতিয়া প্ৰচণ্ড মানসিক চাপ সহিব নোৱাৰি তেওঁ আত্মহত্যা কৰিলে ৷ দেউতাই কি জীৱনৰ পৰা পলাইছিল ? নহয়, পলাইছিলো মই ৷ পলাইছিলো মই দাৰিদ্ৰতাৰ পৰা ৷ দেউতাই পৃথিৱীৰ পৰা বিদায় লোৱাৰ আগদিনা মই আছিলো সুৰাৰ গোলাপী নিচাত ৷ অভদ্ৰ আচৰণৰ বাবে মোক উলিয়াই দিয়া হৈছিল বিশ্ববিদ্যালয়ৰ পৰা ৷ টালি-টোপোলা বান্ধি মই সাজু হৈছিলো ঘৰলৈ উভতিবৰ বাবে ৷ ঘৰ পোৱাৰ দিনা আইৰ বিধ্বস্ত মুখখন দেখি একো ক’ব পৰা নাছিলো ৷ কাষৰে স্কুলখনত চাকৰি এটা যোগাৰ কৰি লৈ কোনোমতে দিনবোৰ কটাইছিলো ৷ কিন্তু সৌভাগ্যই তেতিয়াও মোৰ পিছ এৰা নাছিল ৷ নগৰৰ এটা কোম্পানীত হোৱা সাক্ষাতকাৰত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিছত জীৱন অন্বেষণৰ বাবে ঢপলিয়াই আহিছিলো নগৰলৈ বুলি ৷ ইতিমধ্যে আইৰ মৃত্যু ঘটিছিল ৷ অকলশৰীয়া জীৱনত ঠাই অধিকাৰ কৰিছিল সুৰাৰ বটলে ৷ স্বপ্নাই এৰি যোৱা দিনটোৰ পৰাই ক্ষণ গণিছিলো নিজকে নিঃশেষ কৰাৰ পলবোৰ ৷ আজি নিউট্ৰিনটোৱে মোক যেন পুনৰ লৈ গ’ল অতীতৰ সেই ক’লা ক্ষণবোৰলৈ ৷ বিচনাৰ পৰা উঠি বৈয়ামটো সহিতে নিউট্ৰিনটো লৈ ঘৰৰ পিছফালৰ ড্ৰেইনটোত পেলাই দিলো ৷ এটা গভীৰ উশাহ ল’লো ৷ টোপাল টোপাল বৰষুণবোৰ মোৰ মুখত পৰিবলৈ আৰম্ভ কৰিলে ৷ কোঠালিলৈ ঘুৰি আহিলো মই ৷ কোঠালিত সোমায়েই বিস্ময়ত হতবাক হোৱাৰ পাল মোৰ ৷ এয়া কি? নিউট্ৰিনটো চোন পুনৰ পঢ়াটেবুলৰ ওপৰত ৷ দোকানীজনৰ এষাৰ কথালৈ মোৰ মনত পৰিল- ‘‘দাদা, আপুনি ইয়াক বিচাৰি যাব নালাগে, ই নিজেই আপোনাক বিচাৰি ল’ব ৷’’ পুনৰ মোৰ চকুলৈ আন্ধাৰ নামি আহিল ৷


(নৱেম্বৰ, ২০১১ত সাতসৰীত প্ৰকাশিত অভিজিত শৰ্মা বৰুৱা আৰু বন্দিতা ফুকনৰ নিউট্ৰিনৰ বিষয়ে লিখা প্ৰৱন্ধ দুটা পঢ়ি এই গল্পটো লিখাৰ প্ৰয়াস কৰিলো ৷ তেখেত দুজনলৈ অশেষ কৃতজ্ঞতাৰে)

চৰকাৰে অপৰাধীক ৰক্ষণাবেক্ষণ দিছে নেকি?

আন্না হাজাৰেৰ দুৰ্নীতিবিৰোধী আন্দোলনৰ ঢৌ মাৰ নাযাওঁতেই শেহতীয়াকৈ সংঘটিত হোৱা অসমৰ উদ্বেগজনক পৰিস্থিতিয়ে জনসাধাৰণক চিন্তাত পেলাইছে ৷ বাংলাদেশক ভূমি হস্তান্তৰেৰে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসমৰ ইতিহাসত যি কালিমা সানিলে সেই চেকা হয়তো কোনোদিনে মছ নাখাব ৷ ইফালে নাগালেণ্ডে মেৰাপানীক লৈ কৰা টনা-আজোঁৰাই এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিছে অসমৰ ৰাজনৈতিক জীৱনত ৷ বৰ্তমান চৰকাৰৰ একাংশ নেতাৰ দম্ভালি তথা অবিবেচকী কাণ্ডৰ ফলত অসমৰ জনজীৱন অস্থিৰ হৈ পৰিছে ৷ এই সমূহ পৰিস্থিতি অধ্যয়ন কৰিলে আমাৰ মনত এক প্ৰশ্নৰ উদয় হয় যে সঁচাকৈয়ে আমাৰ চৰকাৰখন এই সমস্যা সমাধানত আগ্ৰহী হয় নে নহয়? তাতে বিৰোধী দলৰ নীৰৱতাইও ইয়াত প্ৰভূত অৰিহণা যোগাইছে ৷ অৱশ্যে মাজতে চন্দ্ৰমোহন পাটোৱাৰী, প্ৰফুল্ল কুমাৰ মহন্তই সীমান্ত পৰিদৰ্শন কৰিছিল যদিও সি বিশেষ ফলপ্ৰসু সমাধান আগবঢ়াবলৈ সক্ষম নহ’ল ৷ আশা কৰিছোঁ, আগন্তুক বিধানসভা অধিৱেশনত চৰকাৰে এই সম্পৰ্কত বিৰোধীদলৰ জবাবদিহি হ’ব লাগিব ৷
এতিয়া আহোঁ শিৰোনামাৰ বিষয়লৈ ৷ আজি গুৱাহাটী মহানগৰ সহিতে অসমখন অপৰাধীৰ ভূ-স্বৰ্গ হৈ পৰিছে ৷ দিন দুপৰতে অপৰাধীৰ তিঘিল-ঘিলনিয়ে সাধাৰণ ৰাইজক শংকিত কৰি তুলিছে ৷ এতিয়া এনে এটা পৰিস্থিতি আহি পৰিছে যে অপৰাধীয়ে উদ্যত মাৰণাস্ত্ৰ লৈ কোনো ব্যৱসায়ী বা নিৰীহ জনতাক গুলীয়াই থৈ যোৱাতো নিচেই সাধাৰণ কথাত পৰিণত হৈছে ৷ সৌসিদিনাখনে লালমাটি অঞ্চলত নিশাৰ সময়ত দুৰ্বৃত্তই ব্যৱসায়ী ভাতৃদ্বয়ক গুলীয়াই থৈ যোৱাৰ পিছতো সেই দুৰ্বৃত্তৰ শুংসূত্ৰকে পোৱা নগ’ল ৷ ঠিক এনেদৰে অসংখ্য অপৰাধী বা ভূ-মাফিয়াসকলো আজি আইনৰ তথাকথিত কঠোৰ হাতোৰাৰ পৰা অলেখ আঁতৰত ৷ এই অপৰাধীসকল কেনেকৈ ইমান নিৰাপত্তা(?) বেষ্টনীৰ পৰা সুৰক্ষিতভাৱে আঁতৰি যাব পাৰে সেয়া বিচাৰ্যৰ বিষয় ৷ ৩০ অক্টোবৰৰ বোমাকাণ্ড আৰু ধেমাজীৰ শিশু নিধন লীলাৰ কথা নিশ্চয় আজিও অসমৰ জনগণে পাহৰি যোৱা নাই ৷ পাহৰি গৈছে চৰকাৰে ৷ এক উদাস তথা নমনীয় দৃষ্টিভংগীৰ বাবেই সেই জঘন্য হত্যাকাণ্ডৰ নায়কসকলে আজি চৰকাৰৰ বৰপীৰাত বহিবলৈ সুযোগ পাইছে ৷ তথাকথিত শান্তি আলোচনাৰ নামত হোৱাই নোহোৱাই দিল্লী-দিছপুৰ কৰি থকা অসমপ্ৰেমীসকলৰ জঘন্য ইতিহাসৰ কথা চৰকাৰে পাহৰি গ’লেও পাহৰি যাব পৰা নাই ভূক্তভোগীসকলে ৷ পুলিচ আৰ্মিৰ লাঠিৰ কোবত ঘূণীয়া হোৱা ডেকাসকলৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিবনে সেইসকল শান্তিকামী(?)অসমপ্ৰেমীয়ে ৷ আজি ডিঙিত ফুলাম গামোছা লৈ মিটিং-সবাহত শান্তিৰ জয়গান গাই ফুৰা সেইসকল দেশপ্ৰেমীৰ হয়তো নৈতিক সাহস নাই ৰাইজৰ কাঠগড়াত থিয় দিবলৈ ৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ মুখৰ লাগ-বান্ধ নোহোৱা তৰল মন্তব্যই ইয়াকে প্ৰতীয়মান কৰিছে যে ৰাইজৰ যি হয় হওক, আমাৰ গাদীখন ৰক্ষা পৰিলেই হয় ৷ মাজুলী, মাতমৰা আৰু শেহতীয়াকৈ তেজপুৰ চহৰৰ একাংশ লুইতপৰীয়া ৰাইজৰ বিননি শুনিবলৈ আহৰি নাই চৰকাৰৰ ৷ ঠিকাদাৰ, মন্ত্ৰী-আমোলাৰ পেটত সুমুৱা ধনৰাশিয়ে উছন কৰিছে ৰাইজৰ জীৱন ৷ অখিল গগৈ, আন্না হাজাৰেৰ নেতৃত্বত ৰাইজে এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি ৰাজপথলৈ ওলাই আহিছে ৷ কিন্তু চৰকাৰৰ সদিচ্ছা নাথাকিলে এই সমস্যাৰ সমাধান অসম্ভৱ ৷ সততে আমেৰিকাৰ জয়গান গাই থকা মুখ্যমন্ত্ৰীয়ে কিয় তেওঁলোকৰ ৰাজনৈতিক শাসনাৱলীৰ পদ্ধতি আঁকোৱালি ল’ব পৰা নাই সেই কথা নকলেও জনা উচিত যে তেনে কৰিলে তেওঁলোকৰ সান্দহ খোৱা বালি তল যাব ৷ উগ্ৰপন্থী সমস্যাক এক জীৱন্ত সমস্যা হিচাপে ৰাখি ইয়াক লাভজনক ব্যৱসায়ত পৰিণত কৰিছে ৰাজ্য চৰকাৰে ৷ ইয়াৰ দ্বাৰা এচাম লোকে নিজৰ ভঁৰাল টনকীয়াল কৰিছে ৷ এইবোৰ দেখি শুনি আমাৰ মনত এক প্ৰশ্নৰ উদয় যে সঁচাকৈয়ে চৰকাৰে অপৰাধীসকলক ৰক্ষণাবেক্ষণ দিছে নেকি ?সিদিনাখনে টিভিৰ এক সাক্ষাৎকাৰত প্ৰাক্তন আৰক্ষী সঞ্চালক হৰেকৃষ্ণ ডেকাই স্বীকাৰ কৰিছিল যে অপৰাধীক নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্যখনত পৰ্যাপ্ত আৰক্ষীৰ অভাৱ ৷ তেনেহ’লে চৰকাৰৰ কি দায়িত্ব নাই নেকি অধিক আৰক্ষীৰ লোক ৰাজ্যখনত মোতায়েন কৰা ! নিশ্চয় আছে, কিন্তু চৰকাৰে এই ক্ষেত্ৰত চকু মুদা কুলিৰ ভাও ধৰিছে ৷ ধেমাজি কাণ্ড তথা গুৱাহাটীৰ সেই প্ৰলংয়কাৰী বোমা বিস্ফোৰণৰ নায়কসকল আজিও কিয় বীৰদৰ্পে তিঘিল-ঘিলাই ফুৰিব পাৰিছে সেয়া অকল চৰকাৰেহে ক’ব পাৰিব ৷ সাধাৰণ জনগনে এইবোৰ ভূ-ভা নাপায় ৷ চৰকাৰী কাৰ্যালয়বোৰত চলি থকা অনিয়ম আৰু দুৰ্নীতিৰ নায়কসকল আজিকোপতি শাস্তি পোৱা নাই ৷ বিভাগীয় মন্ত্ৰীসকলে মাজতে ‘ছাডেন ভিজিটে’ৰে এক চমকৰ সৃষ্টি কৰিছিল যদিও সেয়াও ফুলজাৰিৰ শিখাৰ দৰে ঠাইতে নিৰ্বাপিত হ’ল ৷ সৌসিদিনা এজাক বৰষুণতে গুৱাহাটীত সৃষ্টি হোৱা কৃত্ৰিম বানত চাই থাকোতেই উটি গ’ল এজন মানুহ ৷ এই সকলোবোৰ সমস্যাৰ উত্তৰ ক’ত ?কোনে জবাবদিহি হ’ব সাধাৰণ ৰাইজৰ ওচৰত ৷ মুঠৰ ওপৰত সাধাৰণ জনগনে সকলোতে ত্ৰাহি মধুসূদন সুঁৱৰিছে ৷ সময় পাৰ হোৱা নাই এতিয়াও ৷ চৰকাৰে অপৰাধীসকলক সুৰক্ষা দিয়াৰ সলনি উচিত কাৰ্যপন্থাৰে জনগনৰ আস্হাভাজন হৈ দেখুৱাওক ৷ সন্দেহজনক নিৰ্বাচনৰ ফলাফলেৰে জনসাধাৰণৰ কাষ চপাতকৈ দায়িত্ব সহকাৰে কৰ্মপ্ৰণালী নিৰূপন কৰি ৰাইজৰ সেৱাত ব্ৰতী হওক চৰকাৰ ৷

অথঃ প্ৰমীলা সংবাদ

কালি ৰাতিয়েই চিলিণ্ডাৰটো শেষ হ’ল আমাৰ৷ এওঁৰ খেচখেচনিত ৰ’ব নোৱাৰি গ’লো পুৱাই পুৱাই চিলিণ্ডাৰ আনিবলৈ বুলি শাৰী পাতিবলৈ৷ কেইজনমানে খালী চিলিণ্ডাৰকেইটাৰ ওপৰতে বহি পেপাৰখন হাতত লৈ কথাৰ মহলা মাৰিছে৷ কেইজনমানে বা তাতেই চাদাৰ শ্ৰাদ্ধ পাতিছে৷ মই আকৌ ম’বাইলটো উলিয়াই পিতিক-পাতাক কৰাত ব্যস্ত হ’লো৷ এনেতে চিলিণ্ডাৰ বিতৰণ কৰা কাম আৰম্ভ হ’ল৷ এজন এজনকৈ আগবাঢ়িব আছে, চিলিণ্ডাৰ লৈ আছে৷ এনেতে শাৰীটোত মৃদু গুণগুণনি উঠিল৷ কাৰোবাৰ মুখত শুনা পালো, এই চাইদ দে চাইদ দে৷ লেডিজ আহিছে৷ কোননো লেডিজ আহিছে ডিঙিটো মেলি পিছলৈ চালো৷ দেখিলো লটকন এজনৰ কান্ধত খালী চিলিণ্ডাৰটো উঠাই বীৰদৰ্পে আগবাঢ়ি আহিছে এগৰাকী মহিলা৷ পিছে মহিলাৰ গাত মহিলাৰ লক্ষণ সমূহেই নাই৷ তেওঁ পোনছাটেই আগবাঢ়ি গৈ লটকনক আঙুলিৰে নিৰ্দেশ দি খালী চিলিণ্ডাৰটো মাটিত থোৱালে আৰু কাউণ্টাৰত টকা জমা দি নতুন চিলিণ্ডাৰ এটা লটকনৰ কান্ধত তুলি দিলে৷ বীৰদৰ্পে বীৰমাতা গুচি গ’ল৷ আমি ভেবা লাগি চাই থাকিলোঁ৷ গ’ল কথা গুচিল৷ বহুদেৰীৰ মূৰত চিলিণ্ডাৰ এটা পোৱাৰ পিছত ভাগৰত লেবেজান হৈ ঘৰলৈ উভটিলো৷ চিলিণ্ডাৰটো ঘৰত থৈ গা পা ধুই ভাত-পানী খাই অফিচলৈ বুলি ৰাওনা হ’লো৷ পিছদিনা পুৱাই শুই উঠি আগফালৰ বাৰাণ্ডাখনলৈ গৈ এঙামুৰি এটা মাৰিব খোজোঁতেই বৰাহঁতৰ চৌহদত দেখা পালো সেই কালিৰ মহিলাগৰাকীক৷ মই চিধাই ঘৰৰ ভিতৰলৈ সোমাই আহি এওঁক ক’লো, বোলো পম্পি, বৰাহঁতৰ ঘৰত সেইগৰাকী কোন মহিলাহে? পম্পিয়ে মুখত এটা প্ৰশ্নবোধক চিন লৈ মোৰ পিনে চাই ৰ’ল৷ মই বুজিলো যে এৱোঁ এই বিষয়ে অজ্ঞাত৷ ভাত-পানী খাই অফিচলৈ ওলাই গ’লো৷ সন্ধিয়া অফিচৰ পৰা আহি পাওঁতে পুনৰ বৰাহঁতৰ পদুলিত মহিলাগৰাকীক দেখি থমকি ৰ’লো৷ পুনৰ সেই শক্তিদেৱীৰ দৰ্শন৷ এবাৰ তেওঁ মোৰ মুখলৈ চাই মিচিকিয়ালে৷ মোৰ বুকুখনত ধুক্ কৈ শব্দ এটা হোৱা যেন লাগিল৷ কালি যিহে কোব ! সেয়ে ওচৰ চাপি ক’লো- মই আপোনাক চিনি পোৱা নাই৷ বৰাৰ সম্বন্ধীয় নেকি? দেখাততো আপোনাক তেনেযেনেই লাগিছে৷ সেইসময়ত ছুনামি অহা হ’লেও চাগে ইামান আচৰিত নহ’লোহেতেন৷ দেখিলোঁ, বৰাই নকল চুলিকোচা খুলি হাঁহি হাঁহি মোক কৈছে, মহিলা হোৱাৰ কিমান সুবিধা দেখিলে নহয়? এতিয়া এইটো ফৰ্মূলাহে প্ৰয়োগ কৰিছোঁ৷ ৰিজাল্টটো আপুনি দেখিছেই৷ আপুনিও চেষ্টা এটা কৰিব পাৰে৷ মোৰ চকুত ভাহি আহিল পম্পিৰ ব্লাউজ, পেটিকোট…. যিবোৰ মোলৈ হয়তো সৰু হ’ব৷
টোকাঃ উক্ত গল্পটো ‘অবিকল’ত প্ৰকাশ পোৱা কাৰ্টুন এটাৰ আধাৰত লিখা হৈছে৷ দুৰ্ভাগ্যবশতঃ মই শিল্পীজনৰ নামটো পাহৰিলো৷ তেখেতলৈ কৃতজ্ঞতাৰে ৷৷

© মনোৰঞ্জন মজুমদাৰ
হাতীগাঁও হাউচফেড কমপ্লেক্স (নটবমা)
গুৱাহাটী